পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰুদ্ৰ যামল৷

কলি চাণ্ডালেৰ সখা হৈবেক ব্ৰাহ্মণ।
এৰি মতে অধঃপাত হৈব প্ৰজাগণ॥
সংক্ষেপে পাষণ্ড কলা কহিলোঁ তোমাত।
লোকত মিলিব যেনে বিপত্তি সাক্ষাত॥
শুনিলাহা দেবী হংস নাৰায়ণ বানি।
ব্ৰহ্মাৰ আগত কহি আচন্ত আপনি॥
আৰু যিটো নমানয় সেহি পাপী জন।
তাকে সে পাষণ্ড বোলে বেদৰ বচন।
পুচিলা যিমান মই কহিলো তোমাত।
আৰো কিবা পুচিবাহা কহিয়ো আমাত॥
গুনা সৰ্ব্ব জন ইটো শাস্ত্ৰৰ সম্মত।
কহয় পুৰুষোত্তম শ্ৰীৰামৰ ভকত॥
মোত পৰে মূঢ় জন আন নাহি কেৱ।
নিজ দাস কৰি মোক লোৱা ৰাম দেব॥

------

দুলড়ি॥

শঙ্কৰৰ হেন, বচন শুনিয়া
 পাৰ্ব্বতী দমায় নাথ।
হংস কাকি কথা, কহিলা আমাত
 শুনিলোঁহোঁ ভোলানাথ॥
যামল সংহিতা, শুনিবাক চাওঁ
 কহিয়ো মোত সম্প্ৰতি।
কোন ৰঙ্গে বাজা, কোন দোষে স্থিত
 কহিয়োক প্ৰজাপতি॥