পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰূদ্ৰ যামল ।

তাতে মহন্তক হিংসা কৰে অহঙ্কাৰ।
তাতো দুখ পাৱে অতি বছনে বিদাৰ॥
তাহাৰ ৰাজ্যত আতি উথল উঠয়।
বৈষ্ণৱ নিন্দাত আয়ু তাৰ হোৱে ক্ষয়॥
ৰাক্ষস অসুৰ আৰো জৰাসন্ধ সাল।
মহন্তক হিংসি আয়ু কৰয় বিফল॥
আন যত দৈত্য দানৱৰ ৰাজা গণ।
মনুষ্যৰ ৰাজা যত ৰাক্ষস চাৰণ॥
মহন্তক হিংসি কৰি সবে হৈব ক্ষয়।
সেহি মতে সন্তৰ সুবুদ্ধি নুগুচয়॥
দুষ্ট ৰাজা সবৰ কুবুদ্ধি লাগ লয়।
তাতে দুষ্ট মন্ত্ৰি সবে যিমত বুজয়॥
বলে আসি ৰাজা হৈয়া পাতক আচৰে।
অসন্ত আলাপে লোক সব পিড়া কৰে॥
মনত কৰণে জানা কুবুদ্ধি বোলয়।
এহি মতে কলি কালে হৈব ৰাজা চয়॥
নাহি ৰাজনীতি পেট পুষিবৰ কাম।
অলপ প্ৰজাত হৈব লৈব ৰাজা নাম॥
প্ৰজাৰ নাৰীৰ হইবেক অধিকাৰ।
বৃদ্ধ, বালকৰ সাধিবেক কৰভাৰ॥
বিচাৰি ৰাজ্যত লোক আচৰণ যত।
দণ্ড বন্ধ কৰি লেখা কৰিব সমস্ত॥
এক মতে শ্ৰুতি নপাৱয় প্ৰজা ছয়।
তাতে দুৰাচাৰ সবে কৰিব বলায়॥
শুচিব জীবিকা সব চৌত্ৰিশ জাতিৰ।
নিজ কুল কৰ্ম্ম এড়ি নহিবেক স্থিৰ॥