পূৰ্ব্বে ভগৱন্তে আমি তিনি দেৱতাক।
কটাক্ষ কৃপায় এন্তে স্ৰজিলা আমাক॥
তম্ভিয়া ৰহিলো আমি কৰি অহঙ্কাৰ।
দেখিয়া ঈশ্বৰে হাসি তুলিলেক আৰ॥
মই বৰ হেন মানু তিনিও আপুনে।
পাছে আমাসাক থাপিলন্ত তিনি গুণে॥
ষত্ব গুণে বিষ্ণু ৰজ গুণে প্ৰজাপতি।
মোহক দিলন্ত প্ৰভু তমগুণে স্থিতি॥
তিনিয়ো গুণত আমি সমানে ঈশ্বৰ।
তথাপিতো আমাৰ বিষ্ণুসে শ্ৰেষ্ঠতৰ॥
ব্ৰহ্মায়ে স্ৰজন্ত যত লোক নিৰন্তৰ।
সমস্তকে পালে বিষ্ণু যেন যথান্তৰ॥
অন্তকালে সবাকে সংসাৰ কৰোঁ আমি।
মোক কাল মূৰ্ত্তি কৰি দিলা কৃষ্ণ স্বামী॥
কাল অনুৰূপে মই ব্ৰহ্মা আদি কৰি।
ভকতি নভৈলে সবাহাকে আনো মাৰি॥
এতেকে সে মহামুনি সব শ্ৰেষ্ঠত্তৰ।
তাহান সমান একো নাহি আন নৰ॥
মোত হন্তে দৈৱজ্ঞ বিপ্ৰে সে শ্ৰেষ্ঠ জানি।
সমান কৰিয়া থৈলা ধৰ্ম্মও প্ৰমাণি॥
হেন জানা তাসাম্বাৰ নাহি ভিন্নাভিন্ন।
শ্ৰুতিশাস্ত্ৰে জ্যৌতিৰ্ব্বেদে কৰি চাৰি ভিন্ন॥
ইহান্তো হৈবেক বেদ ধৰ্ম্মে অধিকাৰ।
একে ধৰ্ম্ম একে কৰ্ম্ম আচাৰ বিচাৰ॥
ইটো দুই আনক বন্দিব নপাৰয়।
আৰু সেবা লৈবে পদ সেবিবে লাগয়॥
পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১৮
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২
ৰূদ্ৰ যামল।