পৃষ্ঠা:ৰূদ্ৰ যামল.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰূদ্ৰ যামল।

সঞ্জমণি নগৰক দিলা যত্ন কৰি।
কোটি সূৰ্য্য দেৱগনে থাকন্ত আৱৰি॥
সিদ্ধমুণী বিদ্যাধৰ যত পুণ্যবাসী।
থাকন্ত কৌতুকে ধৰ্ম্ম ৰাজাক উপাসি॥
যেন বৈকুণ্ঠত বিষ্ণু সদায় ৰহস্ত।
যাৰ যেন ধৰ্ম-ভক্তি বিচাৰ কৰন্ত॥
চৈদ্ধয় ভূবনে লোক আছে যত মান।
সবাহৰে লয় নিতী দেখি বিদ্যমান॥
চিত্ৰগুপ্ত নামে আছে লেখক দুতয়।
সেহি দুই জনে জানা লেখক কৰয়॥
গুপ্ত পাপচয় গুপ্তে তেখনে লেখয়।
চিত্ৰগুপ্ত লিখে যত দেখা পাপ চয়॥
চৌদ্ধ ইন্দ্ৰ সাক্ষি তাৰ আছয় লগত।
ভান্দিব নপৰে তাৰ পাপ পুণ্য যত॥
নিয়ম সঞ্চাৰে তাক লেখে শীঘ্ৰ কৰি।
নৰকক লাগি নেই দুতে তাৰাতাৰি॥
সঞ্জমণি পুৰি খান্তে দক্ষিণ কাসৰ।
আছে মহা ভয়নক যমৰ নগৰ॥
বহল বিস্তৰ সভা দেখি লাগে ভয়।
চৌৰাশি হাজাৰ নৰকক দেখাঁ তয়॥
তাহাৰ দুৰ্গমে বসি থাকে ৰাজা যম।
চাৰি ভিতি দেৱগণ পৰম বিক্ৰম॥
একুৰি এগাৰ তেঁজ যম নৃপতিৰ।
দেখিলে নিমিসে শ্ৰুতি হৰে পাতকীৰ॥
শঙ্কৰ বদতি দেৱী শুনিয়ো পাৰ্ব্বতী।
চতুৰাশি দুতৰ শুনিয়ো যেন নিতী॥