পৃষ্ঠা:ৰাস ক্ৰীড়া.djvu/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৬
ৰাস ক্ৰীড়া।

এহি মতে নৃত্যগীতে কৃষ্ণক তুষিল।
সাধু সাধু বুলিয়া মাধৱে প্রশংসিল।।
তাসম্বাক বহুমান দিলন্ত মাধৱ ।
আনন্দে আকুল মিলে মনে মহােৎসৱ।।
গােপীৰ বৃত্তান্ত কথা শুনা আত পৰে।
বােলা হৰি হৰি সামাজিক নিৰন্তৰে।।

- - - -


ঘোষা।

পদ্মপানি গােপি ৰঞ্জন দুঃখ ভঞ্জন দেৱ।

তােমাৰ চৰণ বিনা গতি নাহি কেৱ।।
কত গােপী ভৈল আতি ভাগৰে আকুল
সােলকয় বলয়া খোপাৰ খসে ফুল।।
কৃষ্ণতে আউজি জিবাবুয় কৰি কেলি ।
অতি প্রীতি স্বন্ধত ধৰিয়া বাহু মেলি।।
উৎ পল তগন্ধি কৃষ্ণ বাহু স্কন্ধে লই।
ঘনে ঘনে হানি গােপ ৰমণী সুঙই।।
ৰােমাঞ্চিত তনু আনন্দিত আতি মন।
ভােল হুয়া দেয় কৃষ্ণ বহুত চুম্বন।।