এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২১
ৰাস ক্ৰীড়া
তোমাৰ জনম, নিমিত্তে অধিকে,
গোকুল বাঢ়ে সম্পূৰ্ণ।
লক্ষ্মীয়ো সাক্ষাত, ব্ৰজত বঞ্চন্ত,
সুখে আছে সৰ্ব্ব জনে॥
তোমাতেসে প্ৰাণ, সুম্পি গোপীচয়,
চাই ফুৰো দশোদিশ।
গুচোক নিকাৰ, প্ৰাণৰ বল্লভ,
দেখা দিয়া জগদীশ॥
শৰত কালৰ, বিকশ পদ্মৰ,
উদৰক শ্ৰীক নিন্দে।
হেনয় নেত্ৰৰ, কটাক্ষে আমাক,
মাৰিছা তুমি গোবিন্দে॥
নিকিনিলা দাসী, ভজিলোহো আসি,
গীততে হুয়া দগধ।
কটাক্ষে মাৰিলা, বধ নলাগে কি?
অস্ত্ৰে কাটিলেসে বধ॥