পৃষ্ঠা:ৰাম-মালিকা.djvu/৯৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
ৰাম-মালিকা ৷

চাৰি শৰণৰ গুনে ভৈলা চাৰি মুখ ৷
ভজনে আৱৰ মুখ দেই যাতো সুখ॥
ব্ৰহ্মাণ্ডৰ লোক সবে এহি ধৰ্ম্ম পাই।
চৰাচৰ স্তুতি বুলি কহিলো দধাই॥
ব্ৰহ্মাৰ মোহন স্তুতি আতেসে বোলয়।
ভকত সবক যাতো মুহিলো নিশ্চয়॥
যেন মতে কৃষ্ণে তাল ফলক ভুঞ্জিল।
গোপ সকলক কৃষ্ণ তাক বাটি দিল॥
তালৰ লক্ষণ আবে শুনা সভাসদ।
দেহ মধ্যে বুজি তাৰ সংসাৰ আপদ॥
অমূল্য ৰত্নৰ পেৰা যি পূৰ্ব্বে আছিল।
তাল বৃক্ষ পটন্তৰ তাহাকে কহিল॥
গুৰু ব্ৰহ্ম ভৈলা তাল বৃক্ষৰ পৰাই।
মহাধৰ্ম্ম ফলৰস ভক্ত শিশু খাই॥
গুৰু বিনে ভকতে আনত নেদে মন।
ইসব প্ৰকাৰ সবে জানিবা ভজন॥
যতেক ইন্দ্ৰিয় ইটো ধেনুকৰ নয়।
গুৰু কৃষ্ণ ভক্ত দিয়া বধিল নিশ্চয়॥
ত্ৰাস ভয় যত মানে সবে দূৰ কৰি।
ভজিবে দেৱৰ পাৱে মহা যত্ন কৰি॥
পাতক তৰিবে মহা সংসাৰৰ তিনি।
ভজিবো কৃষ্ণৰ পাৱে ইন্দ্ৰিয়ক জিনি॥
তামসাদি সমস্ত ইন্দ্ৰিয় জিনিবেক।
ভক্তি ৰস ভুঞ্জিবেক ভকত যতেক॥
পাঞ্চ ভাৰষায়ে এহি তালৰ কথা গৈল।
পুনু ধনুকাৰ কথা কহিবাক লৈল॥