এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৯
ৰাম-মালিকা৷
বাসনায়ে ধৰ্ম্ম, দূৰ কৰৈ কৰ্ম্ম,
ভজৈ মাধৱৰ পাৱে৷
গুরুৰ চৰণে, পশিয়ো শৰণে,
ভজিয়ো সুদৃঢ় ভাৱে॥
বকাসুৰ বধ, শুনা সৰ্ব্বজন,
বাৰ ইটো বধ গৈল৷
কৃষ্ণ পাৱে মন, দিবো সৰ্ব্বক্ষণ,
বক তেবে বধ ভৈল॥
কৃষ্ণ জানা গুরু, বক বুলি বাপ,
ভকতৰ অন্তৰাইলো৷
গুৰু ৰূপে তাক, পাপ বাসনাক,
ব্ৰহ্মাণ্ডৰ বাজ কৈলো॥
অঘৰ মুক্ষন, জীৱৰ তাৰণ,
কহো আবে শুনা বুধ৷
আক্ৰোসক যিবা, জিনিয়া আছয়,
হোৱে তাৰ চিত্ত শুদ্ধ॥
আসকতি ভ্ৰান্তি, এৰি যিবাজনে,
আশা সব কৰে দূৰ৷
কহিলো ইহাক, শুনা সামাজিক
হোৱে মদগৰ্ব্ব চুৰ॥
অত্যান্তিক সুখ, কৃষ্ণপদ সেৱা,
পাইবেক গুৰুৰ সঙ্গ৷
আপদ এৰাই, পাইবে পৰম্পদ,
আশাক কৰিয়া ভঙ্গ॥
অজ্ঞান আন্ধাৰে, নাম হোৱে তেবে,
দূৰ কৰে আত্ম বুদ্ধি৷