পৃষ্ঠা:ৰাম-মালিকা.djvu/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা।


হেন দেখি পুনৰ্ব্বাৰ ফিৰি আসিলন্ত।
কৰিয়া কাৰুণ্য দণ্ডৱতে পৰিলন্ত॥
তথাপিতো তাঙ্ক প্ৰতি ভৈলন্ত সদয়।
থাকিলন্ত তাৰ সঙ্গে কৰিয় বিনয়॥
সেহি ধৰি ষোল নাম মন্ত্ৰ কহিলন্ত।
দিলা উপদেশ পাছে হৰি ভক্তিপন্থ॥
চাৰিজন ভক্ত সঙ্গে বৃন্দাবনে গৈলো।
পথত আসন্তে চৈতন্যক লাগ পাইলো॥
মোক দেখি তুতি নতি কৰিলা অনেক।
শ্বেত মনি ৰাজা কথা কহিলো যতেক॥
শ্বেত মনি শক্তি বুঝি জানিব চৈতন্য।
দৈব কৰ দেখিয়োক আদি নিৰঞ্জন॥
বাপ সনাতন শুদ্ধ মণ্ডলিৰ সঙ্গে।
মহা ধৰ্ম্মশীল সাধু জগতে প্ৰশংসে॥
হৰৰ শক্তিয়ে ভৈলা বৃন্দাবন দাস।
সৰ্ব্বদায়ে হৰি নাম নোগুছে অভ্যাস॥
প্ৰণামো পৰম গুৰু অনন্ত শকতি।
তোমাৰ চৰণে কৰো সহস্ৰ প্ৰণতি॥
নন্দেৰ নন্দন সৰ্ব্ব গুণৰ ঈশ্বৰ।
ব্ৰহ্মা মহেশ্বৰো যাৰ চৰণ কিঙ্কৰ॥
তুমি নাৰায়ণ জগতৰ আদিভূত।
ৰূপে ভৈলা প্ৰভো দৈবক নৰ সূত॥