পৃষ্ঠা:ৰাম-মালিকা.djvu/৮৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১
ৰাম-মালিকা।

ত্ৰিভুবন পতি যিটো প্ৰভো ভগৱন্ত।
মহাশুদ্ধ হুয়া পাছে তাহাঙ্ক পাৱন্ত॥
তিনিয়ো লোকৰ সুখ মিলৈ তাৰ মনে।
তৃণসম মুকুতিক কৰয় সিজনে॥
এহি ছয বিধি তৃণাৱৰ্ত্তৰ কহিলো।
ইন্দ্ৰিয়ক জিনিবাৰ উপায়ক দিলো॥
চক্ৰবাত কিবা হেতু বোলে শুনা তাক।
ব্ৰহ্মাকো মুহিমে মায়া আৰু শুধা কাক॥
ছদ্ম বুধি যাৰ সৰ্ব্বক্ষণে নছাৰয়।
চক্ৰবাত বুলি তাক কহিলো আশয়॥
বায়ু যেন শৰীৰত বেথিত কৰয়।
বায়ু নামে তাতে তাৰ সাধু সবে কয়॥
অসুৰীক বুদ্ধি যাৰ নছাৰে মনত।
চক্ৰবাত বুলি তাতে শুনিয়ো সাম্প্ৰত॥
ইসব দমনে বশ্য হোৱে দেৱ হৰি।
ভকতকে চক্ৰ প্ৰভো দেন্ত ৰঙ্গ কৰি॥
সেই চক্ৰ ধৰি ভক্তে ফুৰে লীলা কৰি।
বলি অম্বৰিস দুইকো দিয়া আছা হৰি॥
এহি দশ প্ৰকাৰে বুলি তৃণাৰ্ত্তক।
ইহাক জিনিলে পাই আন্তাত সুখক॥

⸺⸺