পৃষ্ঠা:ৰাম-মালিকা.djvu/৮৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
ৰাম-মালিকা।

পিশাচীক বুধি মন আশাক তেজিল।
পসুস্যাদি ইৰিসাকো সমস্ত্ৰে এৰিব॥
দেহাকে পৃথিবী বুলি সাধু সবে কয়।
পৃহা শূন্য হুয়া পাইবা মহাধৰ্ম্মচয়॥
প্ৰীতি কৰিবাক তেবে ভক্তত সদাই
পূৰ্ণ হৈবে জীৱ গুরু শিক্ষা বোধ পাই॥
পৰম পদক পায় সিসবক দমি।
পাৱে গুৰু সেৱা সুখ মনক নিয়মি॥
পতিত পাতকী সিটো আছিল পূৰ্ব্বত।
পাছে গুৰু সেৱা দুগ্ধ পান কৰাইলন্ত॥
ধৰ্ম্ম দুগ্ধ ভুঞ্জি সিটো জ্ঞান লভিলেক।
ক্লেশ তৃষ্ণা জিনি বহু কৈলে পুতনাক॥
কংস আজ্ঞা ভৈল গুরু মহাধৰ্ম্মগণ।
কৰ্ণে সুখে ভক্তে তাক কৰয় ভোজন॥
সৎসঙ্গে ভক্তিক সিটো কৰিলেক ৰক্ষা।
মন ৰাক্ষসীৰ কথা কহিলোহে সংখ্যা॥
পিশাচী বুধিক মনে নেৰে সৰ্ব্বদাই।
মনক জিনিলে পিশাচীক জিনা যাই॥
ধৰ্ম্ম জীৱ দুই ঈশ্বৰত জন্মিলন্ত।
হৰি গুরু একে বস্তু ভিন্ন নাহি হন্ত॥
নিজ পিতৃ গুরু সঙ্গ দেন্ত ভকতক।
ভকতৰ বন্ধু গুরু সংসাৰ তাৰক॥