পৃষ্ঠা:ৰাম-মালিকা.djvu/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
ৰাম-মালিকা।

হেন পূৰ্ণ ব্ৰহ্ম কৃষ্ণ জগতৰ পতি।
তাহান চৰণে কৰি শঙ্কৰে প্ৰণতি॥
যশ বিস্তাৰিলা গকুলত অবতৰি।
তাৰ গুন চৰিত্ৰক শুনা কৰ্ণ ভৰি॥

⸻⸻

দশম কন্ধব শঙ্কা কথা।

ভজন প্ৰকাৰে বুজা।

দশম কন্ধব কথা শুনা সভাসদ।
যাক শুনি পাৱে লোক পৰম সম্পদ॥
আৰ অৰ্থ অদভূত শুনিতে বিস্ময়।
স্মৰণতে হোৱে মহা পাপৰ প্ৰলয়॥
আশ্চৰ্য্যটো আশ্চৰ্য্য শুনি বিপৰীত।
ব্ৰহ্মা হৰ অনন্তেয়ো হোৱয় মুহিত॥
প্ৰথমতে দশ গোটা লক্ষণক শুনা।
তাতেসে দশম বোলে আক মনে গুণা॥
দৈৱকীৰ গৰ্ভে পূৰ্ণ ব্ৰহ্ম অৱতাৰ।
নৰৰূপ ধৰি খণ্ডিলন্ত ভূমি ভাৰ॥
এগোটা অন্বয় আক ইহাক বোলয়।
আৰু দামোদৰ নাম শাস্ত্ৰতো কহয়॥
দায়াময় সমস্তক কৰিলন্ত সম।
এহিসে কাৰণে আক বোলয় দশম॥