পৃষ্ঠা:ৰাম-মালিকা.djvu/৮১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
ৰাম-মালিকা ৷

শুনা সৰ্ব্বজন ইটো কথা মানোহৰ।
একমনে শুনি তৰা পাতক সাগৰ॥
জগন্নাথে ভাগৱত পঠাইলন্ত দিয়া।
জগদিশ মিশ্ৰে দিলে আমাক আনিয়া॥
তথাপিতো ব্ৰাহ্মণৰ ফুটিলেক আখি।
ব্ৰহ্মানন্দ সন্ন্যাসীত আৰু লৈয়ো সাক্ষী॥
ৰত্নাৱলী শাস্ত্ৰ কণ্ঠ ভুষনত কৰি।
আমাক লাগিয়া পঠাই দিৱন্ত সাদৰি॥
বদৰীকাশ্ৰমে আৰু উদ্ধৱ মহন্ত।
মহাৰোমাৰঞ্চে মোৰ বাৰ্ত্তা পুছিলন্ত॥
মনমেৰি গীতক গাইলন্ত মহাভাগে।
মোহোৰ বৃত্তান্ত কহিলন্ত তান আগে॥
অনেক ভকতি ভাৱে কৰি মহা তুতি।
পঠাইলা উদ্ধৱে কৰি অনেক প্ৰণতি॥
বহুত্তৰ বাদ কৰি কন্দলি অনন্ত।
স্বপ্নক দেখিয়া পাছে শৰণ লৈলন্ত॥
তথাপিতো বিপ্ৰে দেখা বিমোহিত হুই।
মোৰ কথা শুনি যেন গাৱে লাগে জুই॥
জয় জয় কৃষ্ণ জগতৰ আদি ভুত।
নৰৰূপ ধৰি ভৈলা দৈৱকীৰ সুত॥
কৰিয়া অনেক লীলা মনুষ্যৰ চলে।
তৰ্কিবে নপাৰে তাক কুবুদ্ধি সকলে॥