পৃষ্ঠা:ৰাম-মালিকা.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩
ৰাম-মালিকা ৷

আমি জন্মিবাৰ পঞ্চদশ নাম ভৈল।
এতেকতে মাতৃ মোৰ পৰলোক গৈল॥
ইসব কথাক মাধৈ থাকিবা আকলি।
বৈকুণ্ঠে যাহন্তে যাইবে বিন্ধ্যাৱলী বুলি॥
ইটো বৰ দোৱা মোৰ ক্ষেত্ৰ অনুপাম।
যাহাক স্মৰণে সিদ্ধি হোৱা মনস্কাম॥
হেন বৰদোৱা মই গুণেৰ সাগৰ।
যাহাক আশ্ৰয় ভৈল ভক্ত নিৰন্তৰ॥
এহি হেতু বৰ দোৱা বুলিয়া কহিল।
বৈকুণ্ঠ সম্পত্তি আসি লোকৰ মিলিল॥
একদিনা ভক্ত সবে আছা দুখ মনে।
বোলে কোনে বঞ্চে জল নাহি ইটো থানে॥
হেন কথা ভক্তে আবে কৈলা মোৰ আগে।
গুচিবাক খোজো বাপ কৰা যেন লাগে॥
তাসম্বাক চাই পাছে বুলিলো বচন।
কৃষ্ণক আৰাধি বৰ মাগো এতিক্ষণ॥
হেন শুনি ভক্ত সবে কৈলা হৰিধ্বনি।
সেহি নিশা ভাগে জল ভৈলেক আপুনি॥
এহি এক অৰ্ণয় শুনিয়ো সভাসদ।
যাহাৰ স্মৰণে পায় বৈকুণ্ঠ সম্পদ॥
ইহাৰ মহিমা মই কি কহিবো আৰ।
যাক সেউৱা কৰি পাৱে সংসাৰৰ পাৰ॥