এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
ৰাম-মালিকা।
তযু নাম ভিত পাছে যশোদা বুলিবা।
মহা পুৰুষক তুমি গৃহতে লভিবা॥
যিটো পদৰজ ব্ৰহ্মাদিয়ো নপাৱন্ত।
হাততে লভিবা তুমি হেন ভগৱন্ত॥
দৈৱকীৰ ঘৰে জন্মিবন্ত গৈয়া হৰি।
ছদ্মৰূপে পুনু বামনৰ ৰূপ ধৰি॥
কংস ভয়ে বসুদেৱ থৈক তাঙ্গ নিয়া।
আনিবেক সলাই পুনু যোগ মায়া লৈয়া॥
ভাঙ্গিবেক দধি হাণ্ডি পটা পুত্ৰ হানি।
বান্ধিবা কৃষ্ণক তুমি প্ৰেম ৰজু আনি॥
শুনি হেন বিন্ধ্যাৱলী স্তুতি বিনাৱন্ত।
মোক মহা মুখ্য দিয়া প্ৰভো ভগৱন্ত॥
হেন শুনি বুলিলা বামন বনমালি।
কৰিয়ো আনন্দ সতী তই মুখ্য পালি॥
বিন্ধ্যাৱলী বৰ আবে এহি মানে থওঁ।
শুনিয়ো ইসৰ কথা প্ৰপঞ্ছিয়া কওঁ॥
সমাজিক জন আবে শুনা মন ৰঙ্গে।
একচিত্ত মনে বসি ভকতৰ সঙ্গে॥
বামনৰ বাক্য আবে সাফলিবো আমি।
ইটো সব কথাক মাধৱ শুনা তুমি॥
আৰু কথা বুলিলা বামন দেৱ হৰি।
সেই কৃষ্ণ জন্মিব শঙ্কৰৰূপ ধৰি॥