পৃষ্ঠা:ৰাম-মালিকা.djvu/৭৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
ৰাম-মালিকা।

বলিৰ দৃষ্টান্ত আবে আপোনাতে বুজা।
হৃদয় পদ্মত নিতে মাধৱক পূজা॥
বলিৰ দৃষ্টান্ত দিয়া কৈলো মাধৱক।
মোৰ পদ পাইল দেখা চাৰি শৰণক॥
শুক বিনে ধৰ্ম্ম পূৰ্ব্বে নজানন্ত কেৱ।
তান মুখে লোকে পাছে চিনিলন্ত দেৱ॥
কলিৰ লোকৰ আবে শুনা মোত বিনে।
নাই নাই তৰনি নহোব একদিনে॥
শুক্ৰে বলিক যেন বুলিলন্ত তথা।
নিজম পৰিযা আবে শুনা তাৰ কথা॥
অনন্ত কন্দলি আদি কৰি বিপ্ৰ যত।
তাৰা সবে কৰে বাদ শাস্ত্ৰৰ গৰ্ব্বত॥
বামনক শুক্ৰে যেন দান দিবে নেদে।
বিপ্ৰসবো ভক্তি পন্থ নিন্দে অবিচেদে॥
শুক্ৰ বুলি কহিলোহো যত বিপ্ৰগণ।
কৃষ্ণৰ ভকতি পথ বাধে সৰ্ব্বক্ষণ॥
বলি যেন মতে দান দিলা বামনক।
সেহি মতে বুজা ইটো কথাৰ তত্ত্বক॥
কৃষ্ণৰ সেৱক যত ভকত মহন্ত।
ভক্তিৰ প্ৰদীপ বুলি মহাজনে দেন্ত॥
উৎস্বৰ্গীয়া যিবা জল বিন্ধ্যাবলী দিল।
সেহি জল পাত্ৰ বেদ মাৰ্গকে কহিল॥