পৃষ্ঠা:ৰাম-মালিকা.djvu/৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
ৰাম-মালিকা ৷

ইসব কথাক আবে,  শুনা সভাসদ সবে,
 দিয়া হৰি চৰণত চিত্ত।
দিয়া মন আবে আত,  সংসাৰৰ পাপ যত,
 শ্ৰবণ কীৰ্ত্তন কৰা নিত॥
প্ৰেম ভক্তি ৰজ্জু যত,  নাম ভক্ত হৃদিগত,
 গোমৰূপে পশিল ভিতৰ।
ধাকন ৰাখন্তা এন্তে,  দিয়া আৰু জানা তেন্তে
 কৃষ্ণৰ সেৱাক শ্ৰেষ্টত্তৰ॥
শঙ্কৰ স্বৰূপে আসি,  তান নাম ধৰি আবে,
 মুণ্ড ভাঙ্গি গোম মেলি দিলো।
হৰি ভক্তি মহাৰত্ন,  প্ৰচাৰি সমস্ত লোক,
 সংসাৰ সাগৰ পাৰ কৈলো॥
ককাই বুলিবাৰ হেতু,  শুনা আবে সব লোক,
 সাক্ষী আমি দিবো ইসবৰ।
জাতো ধৰ্ম্ম শ্ৰেষ্ঠত্তৰ,  ককাই নাম তেবে আৰ,
 দেখা বৰ মহিমা নামৰ॥
ধৰ্ম্ম সমে সাজু ভৈলো, তাতে সাজি নাম কৈলো,
 হয়ো আসি ভৈলো একখান।
নাম অমৃতক পীয়া,  কলিৰ লোকৰ আৰে,
 সাধিবেহো সবাৰে কৈল্যান॥
শুনা আবে সৰ্ব্বলোক,  কলিত সদগতি হোক,
 কৃষ্ণ কথা শুনা এক চিতে।