পৃষ্ঠা:ৰাম-মালিকা.djvu/৬৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৯
ৰাম-মালিকা ৷

অবিশ্বাসে যিটো জনে গুৰুক পাৰ্থয় ৷
পাৱে বন্দা বুলি তাক কহিলো নিশ্চয়॥
শুনা সভাসদ ইটো ভাগৱত মত।
ৰামকৃষ্ণ নাম সদা নেৰিবা মুখত॥
ৰাম কৃষ্ণ নামেসে চিন্তয় মায়া বন্ধ।
জানি নাম লয়ো সবে কৰিয়া প্ৰবন্ধ॥
সাধু সঙ্গ বিনে আক কহিতো নপাই।
এক চিতে ফুৰা নাম হৃদয়ে ধিয়াই॥
বিষয়ৰ যত সুখ এৰা মোহ পাশ।
কৃষ্ণৰ চৰণ মাত্ৰ কৰিয়া বিশ্বাস॥
দুৰ্ঘোৰ যাতনা দুখ সব মনে স্মৰি
হৃদয়ে চিন্তিয়ো সদা হেন মহা হৰি॥
পৰম অমূল্য ইটো হৰিভক্তি ৰত্ন।
সাধুৰ সঙ্গত আক কৰি লৈয়ো যত্ন॥
শ্ৰৱণ কীৰ্ত্তন ইটো ভকতি প্ৰধান।
সাধুসঙ্গ বিনে নাহি উৎপত্তিৰ থান॥
অনাদি জন্মৰ পাপ সংঘৰয় নামে।
হেন নাম নলৈয়া মৰয় কোন কামে॥
অসাৰ সংসাৰ মুখে আতে মন মজি৷
মায়া মোহে বন্দি ভৈলে তোমাক নভজি॥
চিত থিৰ কৰি মন দিয়ো কৃষ্ণ পাৱে।
কাল অজগৰে নতু নতু ধৰে ৰাৱে॥