পৃষ্ঠা:ৰাম-মালিকা.djvu/৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৮
ৰাম-মালিকা ৷

ধ্যানত জানিলা পাছে তাৰ কথা ঋষি।
মোক ছদ্ম কৰে দেখো বিদ্যাধৰে আসি॥
ঋষি নুহি ইটো বিদ্যাধৰ মহামন্দ।
মায়া কৰি ঋষিৰূপে কৰে চণ্ড বন্ধ॥
মোৰ কান্ধে চড়িবাৰ দিবো আজি ফল।
ৰাক্ষস যোনিক চল পাপীষ্ঠ নিৰ্বল॥
শুনিয়া সুতুস্ম পাছে তান পাৱে ধৰি।
কৰিবে লাগিলা স্তুতি কৃতাঞ্জলি কৰি॥
দিয়ো শাপ অন্ত বাপ মোক মুনিৰাজ।
মই মহা পাপীবৰ কৰিলো অকাজ॥
কাকুতি দেখিয়া ঋষি ভৈলেক প্ৰসন্ন।
শুন বিদ্যাধৰ তই অধম দুৰ্জ্জন॥
মাৰীচ নামত তই লঙ্কাত জন্মিবি।
ৰাম শৰে পৰি পুনু স্বৰ্গে চলে যাবি॥
ইহাক বিভাগ কৰি দেওঁ আবে লেখা।
আপোনাৰ শৰীৰতে সমস্তকে দেখা॥
গুৰু চলা কান্ধ শিক্ষা ৰাক্ষস শিষ্যৰ।
বিমৰিষ কৰি ছোৱা কথা গুঢ়তৰ॥
চাউল ৰত্ন মহাধন লভি গুৰু মুখে।
অপাৰ সংসাৰ সিন্ধু তাৰৈ মহাসুখে॥
হেন বস্তু পায়া গুৰু নিন্দে যিটো জন।
কান্ধে চড়া তাকে বুলি সেহিটো দুৰ্জ্জন॥