পৃষ্ঠা:ৰাম-মালিকা.djvu/৬৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৭
ৰাম-মালিকা ৷

কৰন্ত কাতৰ তান চৰণত ধৰি।
নজানয় ঋষি তাক গৈলা ছদ্ম কৰি॥
কপট বোলন্ত যত মানে আলোচিয়া।
বুলিলা বচন ঋষি দায়ায়ে চাহিয়া॥
সাধিবোহো কাৰ্য্য বুলি মনে কৰে ৰঙ্গ৷
তুমি কোন মুনি দেখো খোজা মোৰ সঙ্গ॥
আলিঙ্গিয়া তাত পাছে ধৰিলা সাবটি।
সিটো বিদ্যাধৰ বৰ পৰম কপাটি॥
সখি বুলি বিদ্যাধৰে তাঙ্ক ধৰিলন্ত।
হেন দেখি তাত পাছে বাক্য বুলিলন্ত॥
তুমি আসা আবে বসি কৰো দুয়ো ধ্যান।
বসিলন্ত দুয়ো পাছে ব্ৰহ্মে দিয়া জ্ঞান॥
যেবে ঋষি মন গৈয়া লাগিল ব্ৰহ্মত।
তেবে বিদ্যাধৰে যাই চড়িলা কন্ধত॥
দুৰ্জ্জনৰ ভাৱ কেন দেখিয়োক তথা।
মুনি সকলক হেন কৰয় অবস্থা॥
হৰি পূজা বস্তু যত ঋষিৰ আছিল।
চাউল পাই তাক পাছে তাহাক ভুঞ্জিল॥
সমাধি ভাগিল ঋষি তাহাতে পুছিল।
আমাৰ তণ্ডুল সখি কেনে নেজানিল॥
হেন শুনি বিদ্যাধৰে গলে ধৰি বান্ধি।
অনেক কৰিলা স্তুতি আৰু কান্দি কান্দি॥