এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
ৰাম-মালিকা ৷
মহামায়া প্ৰকৃতিকে বোলয় ছাগিণী।
পাৰ ভৈল নদী সিটো ইন্দ্ৰিয়ক জিনি॥
সংসাৰকে নদী কয় জানা সাৰে সাৰ।
মাতিলেয়ো ব্ৰহ্ম দেখা নকৰিলে পাৰ॥
ছাগ ছাগিনীৰ যত দিলো পটন্তৰ।
আপোনাৰ দেহে দেখা বাস ইসবৰ॥
কাল শত্ৰু কান্ধে কাক লৈলে কোনজন।
শুনা সভাসদ তাৰ কহিবো লক্ষণ॥
দেখা কৃষ্ণে সুদামাদি গোপক বহিল।
জিনিয়া কৃষ্ণক তৈত কান্ধত চড়িল॥
শত্ৰুক পাৰিয়ো আবে কৰিয়ো নিজস্ত্ৰ।
তৰিবা কলিত যেবে যপা নাম মাত্ৰ॥
ছয় উৰ্ম্মি মহা শত্ৰু জানা নিস্ত কৰি।
ইটো বৈৰী সব ফুৰে কান্ধে দিয়া ভৰি॥
যেবে গুৰু শিক্ষা সিটো ধৰে শুদ্ধ ভাৱে।
সকল ইন্দ্ৰিয় তাৰ এৰিয়া পলাৱে॥
কুলন চৰিত্ৰ আবে শুনা দুৰ্জ্জনৰ।
পাৱে বন্দি কান্ধে চড়ে অধম পামৰ॥
কহো মহা মুনি এক আছিলেক পূৰ্ব্বে।
মুমুক্ষক বিদ্যা দূৰ গৈলা তৈক তেবে॥
মহা ধূৰ্ত্ত বিদ্যাধৰে ধৰি ঋষি বেশ।
চাতু নাটু কৰি বাক্য বোলয় বিশেষ॥