পৃষ্ঠা:ৰাম-মালিকা.djvu/৬০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৪
ৰাম-মালিকা ৷

কহিলো মাত্ৰকে মোৰ মৃত্যু হুইবে এথা।
সুমৰন্তে ত্ৰাস লাগে কৈবো কিবা কথা॥
হেন শুনি বিপ্ৰ পাছে কৰি মন থিৰ।
এৰাইবে নপাৰি চলি গৈলা নদী তীৰ॥
চিতা খান সাজিলেক অগ্নিক জ্বালিয়া।
বোলে যদি মৰো মই দিবা তুলিয়া।
নদী পাৰ হৈয়া পাছে আইলা এক ছাগ।
কোনবা জন্মৰ তাৰ আছিলেক ভাগ॥
সিপাৰৰ পৰা তাক মাতিলন্ত ছাগি।
আমাক তেজিয়া তুমি গৈলা কৈক লাগি॥
আপুনি আসিয়ো বুলি ছাগ মাতিলেক।
পুনু গৈলে মোৰ জানা মৰণ হৈবেক॥
স্ত্ৰীৰ বচনে ইটো মৰে মন্দ ভাগি।
কেন কোন জনে কটা যাই গৈয়া মাগি ॥
অদ্যাপিত খেদে গৈয়া ছাপৰেক দিয়া।
নিন্দিল অনেক ছাগে তাহাক হাসিয়া।
ছাগৰ বচন শুনি বিপ্ৰে মনে গুনি।
তিনি গোটা কলিতাইক দিলা হেন শুনি॥
মোক প্ৰাণ দান বাপ দিলা তুমি আসি।
মই আবে কিবা দিবো বুলিলন্ত হাসি॥
কৰিলা মিনতি আৰু দণ্ডৱতে পৰি।
তেতিক্ষণে তাৰ চিন্তি গৈল কৰ্ম্মজৰি॥