পৃষ্ঠা:ৰাম-মালিকা.djvu/৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫২
ৰাম-মালিকা।

হাতে নমাৰিয়া কাক মাৰিলন্ত ভাতে।
কহিলন্ত ব্ৰহ্মা যেন সবে দেৱতাতে॥
ব্ৰহ্মা কৃষ্ণ যৱনক হাতে নমাৰিল।
ভাণ্টা ভৈল মচুকুণ্ড তাহাক বধিল॥
গুৰু কৃষ্ণ শৰীৰৰ বাসনা যৱন।
শিখা ভাত দিয়া তাক কৰিলে উচ্চন্ন॥
আপদে মগন হৈয়া যেন কোন জন।
অধম ছাগৰো দেখা পখালে চৰণ॥
ছাগ যিবা জন আবে শুনা তাৰ কথা।
ব্ৰহ্মকে বুলিয়া ছাগ জানিবা সৰ্ব্বথা॥
দেহত বিচাৰি আবে দেখা সমস্তক।
গুৰু পাৱে দিয়া চিত্ত দমিয়া মনক॥
যিটো ঘৰ জজ্ঞা ইটো তিনিয়ো একটা।
তাৰ কথা কহো শুনা বাৰ যিবা বেটা॥
প্ৰথমৰ বৰ জজ্ঞা পুত্ৰ এক ভৈল।
তাক নিয়া একজন ঘৰত ছুপাইল॥
তাহাৰ তনয় আৰু ভৈলা অন্তৰে।
সেহিমতে দিল নিয়া গৃহস্থৰ ঘৰে॥
ধনে ধান্যে আঢ়্যৱন্ত ভৈল সিটো পাছে।
এক ক্ষুদ্ৰ আধে ৰান্ধিলেক তাৰ কাছে॥
তপ, যপ, যাগ তিনি ঘৰ জজ্ঞা ভৈলা।
এহি তিনি বিধ ব্ৰাহ্মনানি সুখী কৈলা॥