পৃষ্ঠা:ৰাম-মালিকা.djvu/৫০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৪
ৰাম-মালিকা৷

তাহাকো নমানি যিটো পাপী ৰণ্ড।
আমাক মানিবেকিক পৰম পাষণ্ড॥
এহি হেতু মোক অংশ বুলিয়া কহিবা।
নিপুণ যিজন ভক্ত তান্ত নভাণ্ডিবা॥
অপবিত্ৰ বুলি জানা সুতকে কহন্ত।
শুকৰ প্ৰসাদে তাৰা পবিত্ৰ ভৈলন্ত॥
ইদানীক অপবিত্ৰ শুনা সৰ্ব্বজন।
মোহোৰ কৃপাত ভৈল ভকত গহন॥
মিৰী আহোম আদি ভোট যে যৱন।
কছাৰী সহিতে অপবিত্ৰ ছয়োজন॥
আত অনন্তৰে আৰু শুনা নিৰন্তৰে।
মহা মহা পাপ আক স্মৰণতে হৰে॥
পলাই মৃগ গোট যেন বিজুলী ছটক।
তাৰ পাছ লাগি ৰাজা খেদন্ত ঘোটক॥
মায়া তাৰ ঘোটক ইন্দ্ৰিয় পশুগণ।
দেহকে অৰণ্য বুলি কহে সাধুজন॥
ব্ৰহ্মক লাগিয়া যদি জীৱ কৰে খেদ।
তাকেসে বোলয় সৃজনতো তত্ত্ব ভেদ॥
মহা প্ৰেমযুক্ত হৈয়া পুছিলা নৃপতি।
কৃষ্ণ কথা পান কৰি ভৈলন্ত তৃপীতি॥
ক্ষুধায়ে তৃসায়ে যিবা ৰাজাক পিড়ীলা।
শুকদেৱে সেই মন বাঞ্ছিত পুৰিলা॥