পৃষ্ঠা:ৰাম-মালিকা.djvu/৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৩)

এনে বিলাক প্ৰয়োজনীয় কথা ভালকৈ নেজানিলে আন পুথিৰ পদ, ছবি, ডুলৰী পাঠ কৰাত দোষহে হয়।

 ৺ শ্ৰীশ্ৰীশঙ্কৰ দেৱে, ৺শ্ৰীমাধৱ দেৱক ঘোষা ৰচনা কৰি ঘোষাত, ভজন, নমস্কাৰ, শৰণ, উপদেশ, নিন্দা, নাম মহিমা, যুগধৰ্ম্মৰ নিৰ্ণয়, ঈশ্বৰ নিৰ্ণয় আত্মা উপদেশ, পাৰ্থনা তাৎপৰ্য্য, মহিষা, স্তুতি, আশ্ৰয়, প্ৰসংশা, খেদ, ঘোষা চণ্ড, কাৰুণ্য, কাকুতি, নামচন্দ, ইত্যাদি বিলাক ঘোষাত দিবলৈ আদেশ কৰি তাৰ অৰ্থ বিলাক এই পুথিত বিশেষকৈ ভাঙ্গি কৈছে এই বিলাক নিৰ্ণয় ভালকৈ, নেজানিলে নামৰ মূলত বহি ঘোষা পাঠ কৰা দোষহে ঘটে। এতেকে লাগতীয়াল ৰত্ন স্বৰূপ কথা বিলাক ধৰ্ম্মানুৰাগী সকলে বুজিবৰ অৰ্থে এই পুথি একোখানি গ্ৰহণ কৰি পাঠ কৰিলেই হিন্দু ধৰ্ম্মৰ ভক্তিৰ উন্নতি হল বুলি আশা কৰিম। এতেকে সকলোৱে একোখনি ভাঙ্গি ধৰি যেন ধৰ্ম্মৰ হিত সাধন কৰিব এয়ে আমাৰ আশা।

 সব শেষত কওঁ; এনে লুপ্ত ৰত্নক উদ্ধাৰ কৰিবৰ অৰ্থে ধোঁৱা চাঙ্গৰ পৰা আনি আমাৰ আত্মীয়বৰ শ্ৰীযুত ৰেৱকান্ত ডেকা অধিকাৰ গোসাঞীয়ে জন সমাজৰ আতক গুছাবৰ কাৰণে নিজৰ অৰ্থ ব্যয় কৰি এই পুথিখনি প্ৰকাশ কৰাত তেখেতক অন্তৰে সৈতে ধন্য়বাদ দিছো। ভবিষ্যত এই দৰে ৰেৱ গোসাঞী দেৱে লুপ্ত শাস্ত্ৰ বিলাক বিছাৰি আনি প্ৰকাশ কৰি যেন অস- মীযাৰ সাহিত্যৰ ভৰাল পুৰ কৰি ৰাখিবলৈ যেন পাছ নপৰিব এয়ে আমাৰ আশা। ইতি

১৮৩৯ শক।
শ্ৰীতীৰ্থনাথ গোস্বামী

ধলৰসত্ৰ, যোৰহাট, গটঙ্গা পো:।