পৃষ্ঠা:ৰাম-মালিকা.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
ৰাম-মালিকা।

নিগ্ৰহিয়া পাপক দেশৰ বাজ কৈলো।
মহা মুখ্য পদ পাবে ভকতক দিলো॥
কলিৰ দৃষ্টান্ত আবে এহি মানে থওঁ।
ভাগৱত কথা শুনা আতপৰে কওঁ॥
সাগৰত থাকে যদি মহাৰত্ন ছয়।
তেবেকি শামুকে তাত নকৰে আশ্ৰয়॥
ইহাৰ দৃষ্টান্ত শুনা সমাজিক জন।
গুৰুকে সাগৰ কহে নামেসে ৰতন॥
হীৰা ৰত্ন ভকতক বোলে দেখা আকে।
শামুক বুলিয়া কৈলো আন দেবতাকে॥
গুৰু সমুদ্ৰত জানা বিয়াহ কলাই।
অন্য দেৱ পূজি ভৈলা শামুক পৰাই॥
মোৰ মহা প্ৰিয়তম ভক্ত সিটো আতি।
তথাপিতো দেখা তাৰ কেন ভৈলা শাস্তি॥
বসুমতি ধৰ্ম্মক কৰিলা নমস্কাৰ।
চলি গৈল ৰাজা পাছে ঘৰ আপোনাৰ॥
ইটো পৰমাৰ্থ তত্ত্ব এহিমানে গৈলা।
কৃষ্ণৰ কথা অমৃতক পুনু কৈবে লৈলা॥
কৃষ্ণ সূৰ্য্য নাম ধৰ্ম্ম কৰিলো উদয়।
লোকৰ খণ্ডিলো সংসাৰৰ দুখ ভয়॥
কৃষ্ণৰ একান্ত ভক্ত কৰিয়া নিস্তাৰ।
তেবেসে বৈকুণ্ঠ যাইবা বৈলো সাৰে সাৰ॥