পৃষ্ঠা:ৰাম-মালিকা.djvu/৪২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৬
ৰাম-মালিকা।

শৰণ ভজন ভক্তি যিজনে জানয়।
সৎসঙ্গ লভিয়া মুখ্য গুৰুক পাৱয়॥
জানিয়া ভক্তিয়ো দেৱ দৈৱকী নন্দন।
লৈযো দৃঢ়মনে তান্ত একান্ত শৰণ॥
কৃষ্ণে মোৰ আত্মা কৃষ্ণে সুহৃদ নিশ্চয়।
কৃষ্ণক ভজিলে অনুমাত্ৰো নাহি ভয়॥
যুগধৰ্ম্ম মহিমাত কতো নাম গাই।
ভক্তৰ পিড়ীতি সৎসঙ্গত ৰতি নাই॥
ভকতক বোলে যিবা হেতু চক্ৰ পাণি।
শাস্ত্ৰত প্ৰসিদ্ধ ইটো আছে বেদবাণী॥
পৰম গম্ভীৰ অস্বৰিৰ মহামতি।
আশি বিধ কৃষ্ণ পাৱে কৰন্ত ভকতি॥
বলিকো দেখিযো আৰু মহন্ত গম্ভীৰ।
পৰম বৈষ্ণৱ যাক সম নাহি ধীৰ॥
ভকতিৰ বশে চক্ৰে থাকন্ত উপসি।
গদা ধৰি হৰি দ্বাৰ পাল ভৈলা আসি॥
চক্ৰপাণি বিষ্ণু ভকতৰ ভৈলা দৃষ্টি।
তাতে চক্ৰপাণি বুলি কৈলো নিস্তে নিষ্ট॥
ত্ৰৈলোক্যতো নাহি সম মহন্ত বিশিষ্ট।
জ্ঞানীতো কৰ্ম্মিতো কৰি ভকতি গৰিষ্ট॥
ভ্ৰমৰৰ বধু যেন পাৰিজাত পাই।
মধু লোভে পুনু বৃক্ষক নেজাই॥