পৃষ্ঠা:ৰাম-মালিকা.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
ৰাম-মালিকা৷

ছয় গোটা শত্ৰু যিটো কহো প্ৰপঞ্ছিয়া।
কাক বোলে ছয় শত্ৰু শুনা মন দিয়া॥
ত্বক চক্ষু মন মুখ নাসিকা শ্ৰৱণ।
গুৰু শিক্ষা অস্ত্ৰে তাক কৰিয়ো উচ্চন॥
কৃষ্ণৰ নিৰ্গুণ আন কাহাক বোলয়।
যৈত কৃষ্ণ কথা যশ নাম প্ৰকাশয়॥
জগন্নাথ চৰিত্ৰ যথাত প্ৰকাশন্ত।
সেহিসে নিৰ্গুণ সাধু সবেয়ো কহন্ত॥
জগন্নাথ ভাগৱত দিয়া পঠাইলন্ত।
বৰদোৱা গ্ৰামে জগদীশে কহিলন্ত॥
বৰদোৱা থান মোৰ জানিবা নিৰ্গুণ।
কহিলো ৰহস্য ভক্তি ভকতে নিপুণ॥
আমাৰো জনম তাতে ভক্তৰে নিবাস।
মহা স্বধৰ্ম্মত তাত ক{{বঙালী ৰি}লো প্ৰকাশ॥
যেন সূৰ্য্য উদয় ভৈলেক পূৰ্ব্ব দিশে।
নাম সূৰ্য্য প্ৰকাশিলো গৈল দশোদিশে॥
যাতো সেই ধৰ্ম্ম তাতে উৎপত্তি ভৈলন্ত।
ভাৰতবৰিষ মধ্যে বৈকুণ্ঠ বোলন্ত॥
ইহাৰ তত্ত্বক আনে নজানন্ত কেৱ।
একান্ত শৰণ এক গুৰু নাম দেৱ॥
যুগধৰ্ম্ম মহিমাত যতো নাম গাই।
নামত বিশ্বাস ভৈলে মুকুতিক পাই॥