পৃষ্ঠা:ৰাম-মালিকা.djvu/৩৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
ৰাম-মালিকা৷

মহাজ্ঞান দান, তাহাঙ্ক দিলন্ত,
 চাৰি সিদ্ধে কৃপা কৰি॥
ভক্তি ভাবে আতি, সেবিতা সম্বাক
 কৰিলা পৰম তুষ্ট।
যতেক অশুভ,  আছিলেক তান,
 সমন্তে কৰিলা নষ্ট॥
পৰম মহন্ত, চাৰি মহাসন্ত,
 কৃপালু কৰুণা কৰ।
বৰিস বাঞ্ছিয়া, গমন কৰিয়া,
 গৈলা চাৰি সিদ্ধেশ্বৰ॥
উচ্চিষ্ট লক্ষণ,  কহে শুনিয়োক
 যিমতে নাৰদে হৰি।
এৰয় উচ্চিষ্ট,  চাৰি মহামুনি,
 ভুঞ্জয় তাক সাদৰি॥
তেন মতে গুৰু, জ্ঞান উচ্চিষ্টক,
 মুখে বাজ কৰিদেন্ত।
যাতো গুৰু মুখে,  লভৈ মহাজ্ঞান,
 এতেকে মুখ্যক নেন্ত॥
পূৰণৰ সূৰ্য্য,  মহা ভাগৱত,
 যিহেতু বোলয় আক।
ইহাৰ অৰ্থক,   কহো শুনিয়োক,
 সাঙ্ক্ষেপ কৰিয়া তাক॥