পৃষ্ঠা:ৰাম-মালিকা.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৫
ৰাম-মালিকা।


মহামূঢ় যাক বোলে তাহাক শুনিয়ো।
নুই নুই ইটো কথা মনে জিজ্ঞাসিয়ো॥
মূঢ়ৰ সদৃশ জানা মাধৱ আছিল।
ৰাম দাস সমে দেবী পূজিবে চাহিল॥
পূৰ্ব্বৰ সাধন আছে পাইলে গুৰু সঙ্গ।
দেবী পূজা কৰ্ম্ম যত সবে ভৈল ভঙ্গ॥
মূঢ়াত লাঙল যেন লাগিলেক যাই।
নলৰিলা মন মাধৈ হৰি ভক্তি পাই॥
জ্ঞান শূন্য মূঢ় নৰ অনেক আছয়।
গুৰু ধৰ্ম্ম সেউৱা সিটো কিছু নজানয়॥
আৰূঢ় মূঢ়ৰ কথা শুনা সমাজিক।
গুৰু বশ্য কৈলে যিটো তাৰ কৈবো কিক॥
তেবেসে হৈবেক গুৰু সেৱাত আৰূঢ়।
শৰণ ভজনি ভক্তি কৈলেসিটো দৃঢ়॥
ভক্তি ভৈলে সিজনৰ থিৰ হোৱে মতি।
আৰূঢ় মূঢ়ৰ কথা কহিলো সম্প্ৰতি॥
যেই সেই মূঢ় নাম নাম লৈবে নপাৰয়।
মূঢ় নাম মাধৱৰ জানিবা নিশ্চয়॥
যাত তাত নখটয় মূঢ় হেন নাম।
জগত প্ৰসিদ্ধ মাধৈ মূঢ় অনুপাম॥
মুৰুখ নামৰ আবে শুনিয়োক কথা।
কৃষ্ণৰ কীৰ্ত্তন যশ শুনে যথা তথা॥