পৃষ্ঠা:ৰাম-মালিকা.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩
ৰাম-মালিকা।

উপদেশ দিয়া মাত্ৰ হিতক চিত্তয়।
সেহি তত্ত্ব কহি গুৰু লোক নিস্তাৰয়॥
গুৰু সেউৱা সুমঙ্গল সৰ্ব্বসিদ্ধি কাম।
তান্ত বিনে সংসাৰত নাহি মুখ্যত্তম॥

⸻⸻



সমাজিকজনৰ কথা।


সমাজিক জনৰ কহিবো কথা আবে।
সমস্ত প্ৰাণীক সম দেখিবেক যেবে॥
তাকে সমাজিক বুলি জানিব স্বৰূপে।
লোক প্ৰবৰ্ত্তাৱে গুৰু শিষ্য একৰূপে॥
গুৰু চৰাচৰ আত্মা গুৰু নিজ বন্ধু।
কৰয় গুৰুসে পাৰ মহাঘোৰ সিন্ধু॥
আপদ নদীত গুৰু কৰয় নিস্তাৰ।
গুৰু বিনে ত্ৰৈলোক্যত বন্ধু নাহি আৰ॥
কীটপটঙ্গত তেহৈ সবাতো সমান।
বিষমতে বুদ্ধি কদাচিতো নাহি তান॥
জীৱ সকলৰ সুখ মুখ্যকো সাধন্ত।
সংসাৰ সাগৰে পাৰ গুৰুসে কৰন্ত॥
নিজপদ বৈকুণ্ঠক যিহেতু দিৱন্ত৷
এহি কাৰ্য্যে সমাজিক গুৰুক বোলন্ত॥