পৃষ্ঠা:ৰাম-মালিকা.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০
ৰাম-মালিকা৷

শুনা সভাসদ সব ইটো কথা সাৰ।
এহিসে তাৰিবে ঘোৰ সংসাৰ নিকাৰ॥
হৰৈ কপিমল কৃষ্ণ কথা কীৰ্ত্তনত।
মহাপুণ্য ৰাশি আসি ওপজে লগত॥
যাহাক স্মৰিলে সিদ্ধি হোৱে সৰ্ব্বকাম।
পৰম সম্পদ মাধৱৰ গুণ নাম॥
কৃষ্ণ কথা শুনা আবে কৰিয়া প্ৰবন্ধ।
গুৰু শিক্ষা অস্ত্ৰে ছেদ কৰিয়োক কন্ধ॥
আত-অনন্তৰে কথা শুনা সাৱধানে।
কৃষ্ণৰ কীৰ্ত্তন কৰা প্ৰাণ থাকে মানে॥
ৰহস্যতো ৰহস্য পৰম ৰুচিকৰ।
প্ৰসিদ্ধ অমৃতো আক নুহি পটন্তৰ॥
শুনা সভাসদগণ পৰিয়া নিৰূম।
একচিত মনে শুনা কথা মনোৰম॥
শুনিয়োক কহো আবে সাধুৰ লক্ষণ।
সংসাৰ ব্যাধিৰ ইটো ঔষধ প্ৰধান॥
হীৰা মৰকত ৰত্ন যাহাত থাকয়।
মহাশ্ৰী সম্পত্তিয়ো তাতে লব্ধ হয়।
তাহাঙ্কে আশ্ৰয় কৰি সুখী হোৱে লোক।
যেই যিবা খোজে দেই তাক দেখিয়োক॥
এতেকেসে সাধু তাক বোলে সৰ্ব্বজন।
মহাভাগৱত ইটো সাধুৰ লক্ষণ॥