পৃষ্ঠা:ৰাম-মালিকা.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
ৰাম-মালিকা।

 প্ৰেমযুক্ত হুয়া গুৰু ভক্তক বৰ্ণাৱে।
 নামৰ প্ৰসাদে মুখ্য মুকুতিক পাৱে॥
লেছাৰী—ইসব পটল আবে থৈলো এহিমানে।
 লেছাৰী পটল আবে শুনা সাৱধানে॥
 অৱতাৰ হুয়া লক্ষ্মীপতি নাৰায়ণ॥
 উপাসয বেদগণে তাহান চৰণ।
 লেছাৰী পটল আসি ভৈলা বেদগণে।
 পৰম ৰহস্য কথা শুনা এক মনে॥
চণ্ড— আবে চণ্ড পটলৰ শুনিয়ো আশয়।
 আক পাইলে সংসাৰৰ জীৱ নিস্তৰয়॥
 মহামুখ্যত্তম দেখা গুৰু শিক্ষা ইটো।
 পৰম ৰহস্য ভক্তি গুৰুসে অজিতো॥
 পৰমাত্মা জীৱ মোৰে যদি সেউৱা কৰে।
 দুৰ্ঘোৰ নৰক দুখ তেবেসে নিস্তৰে॥
 আক পাইলে জীৱ মোৰ চিন্তে কম্ম বন্ধ।
 এহিসে কাৰণে আক বুলি আছে চণ্ড॥
 ঈশ্বৰ সমুখ হোৱে গুছে তাৰ চণ্ড।
 কোটি কোটি জন্মৰো গুছয় তাৰ বন্ধ॥
 ইসব পটল যত মহাসাৰ তত্ত্ব।
 ঘোষা শাস্ত্ৰ মাজে মাধৈ কৰিবা বেকত॥
 শৰণ ভজন চণ্ড লেছাৰী পটল।
 আক পায় জীৱ সব তৰয় সকল॥