পৃষ্ঠা:ৰাম-মালিকা.djvu/২৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
ৰাম-মালিকা।

 হৰিৰ কীৰ্ত্তন কৰে ভক্ত নিৰন্তৰে।
 তাক শুনি অভিনন্দা কৰে যিটো নৰে॥
তাৎপৰ্য্য—তাৎপৰ্য্য সাৰ গুৰু দেৱ নাম ভক্ত।
 ইহাৰ তত্ত্বক মাত্ৰ গুৰুসে জানন্ত॥
 গুৰু উপদেশ তাৎপৰ্য্য কথা সাৰ।
 একান্ত ভক্তৰ সঙ্গ ফল মাত্ৰ সাৰ॥
 এতেকে সবাকো তেজি গুৰু পাৱে ধৰা।
 তাৎপৰ্য্য জানি আক সবে পৰি হৰা॥
তুতি— কৃষ্ণেসে পৰমদেৱ ধৰ্ম্ম অৰ্থ কাম।
 গুৰুসেৱা ধৰ্ম্মসাৰ মহা অনুপাম॥
আশ্ৰয়—কোটি কোটি ব্ৰহ্মাণ্ডৰ যত জীৱ ছয়
 একে ভগৱন্ত হৰি সেৱাৰ আশ্ৰয়॥
 হেন জানি গুৰুত আশ্ৰয় আৰে কৰা।
 একান্ত শৰণে হৰি গুৰু পাৱে ধৰা॥
 নোহন্ত ঈশ্বৰ কৃষ্ণ কাহাৰো আশ্ৰয়।
 অন্তৰ্য্যামী ৰূপে তেহো সবাতো আছয়॥

⸻⸻


মহিমাযুক্ত কীৰ্ত্তন প্ৰশংসা।


 যিদিশত কৃষ্ণৰ কীৰ্ত্তন ভক্তে কৰে।
 সিদিশত নমস্কাৰ কৰে যিটো নৰে॥
 দুৰ্ঘোৰ সংসাৰ সিটো প্ৰয়াসে তৰৈ।
 অচ্যুত স্বৰূপ আপুনি গৈয়া ধৰৈ॥