পৃষ্ঠা:ৰাম-মালিকা.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৬
ৰাম-মালিকা।

গুৰুমুখে পৰমাৰ্থ তত্ত্বক জানয়।
তাকে পৰমাৰ্থ বুলি ভাগৱতে কয়॥

⸻⸻

সাৰ নিৰ্ণয়।

 কৃষ্ণৰ নামক যিটো জানে মাত্ৰ সাৰ।
 শুনিবাক উদ্যম কৰয় মন তাৰ॥
 তেতিক্ষণে তাৰ যত পাপহত কৰে।
 নিৰ্ম্মল হইয়া সুখে সংসাৰক তৰে॥
 তনু চিত মন তাৰ শুদ্ধতা হোৱয়।
 নামৰ প্ৰসাদে সিটো মুকুতি পাৱয়॥
নাম অন্বয়। কৃষ্ণৰ নামৰ যিটো তত্ত্বক জানয়।
 তাকে বুলি কয় শাস্ত্ৰে নামৰ অন্বয়॥
 নিৰ্ণয় কৰিয়া হৰি গুরুকে ভজিবা।
 এক গুরু একদেৱ আন নেদেখিবা॥
 মুখ্যৰূপে ইটো কথা বুজিবহা দাঠি।
 নিৰি চাৰি লৈলে পুনু লাগিবেক ঘাটি॥
 এহিমানে গৈল ইটো নামৰ অন্বয়।
 আরু পটলক শুনা সভাসদ ছয়॥
নাম মহিমা। হৰি গুরু ভকতৰ নিৰ্ম্মল চৰিত্ৰ।
 নাম ভক্ত একে বস্তু পৰম পবিত্ৰ॥