পৃষ্ঠা:ৰাম-মালিকা.djvu/২১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫
ৰাম-মালিকা।

 বিষয়ৰ বৈৰাগ্য কৰয় যিটো জানি।
 বিৰকতি বিষয়ত সেই তত্ত্ব জ্ঞানী॥
 গুৰুৰ চৰণ পদ্ম হৃদয়েত ধিয়াই।
 পৰম্পদ বৈকণ্ঠক পাৱে সিটো যাই॥
 প্ৰবেধিত যেন জানা তাক সম নাই।
 মহা বিৰকত ভক্ত তান্ত বিনে নাই॥
 হৰি পদ পঙ্কজত নিবিৰ ভকতি।
 মজি থাকে প্ৰেমানন্দে জানিয়া সম্প্ৰতি॥
 এতেকে বৈৰাগ্যে সাৰ জানিবা নিশ্চয়।
 তাহাকে সে বিৰকতি বুঝিয়া কহয়॥
মহিমা—কৃষ্ণপদ পঙ্কজত সদা কৰে ৰতি।
 মহিমা শুনিয়া মিলে আনন্দ সম্প্ৰতি॥
 ভকতৰ সঙ্গে সদা পুৰুষাৰ্থ পাই।
 কৌতুক কৰয় বৰ হৰি নাম গাই॥
 কৃষ্ণৰ নামৰ বৰ মহিমা জানয়।
 সাধু সঙ্গ বিনে সাৰ কিছু নেদেখয়॥
 একক্ষণ মানে যদি সাধু সঙ্গ পাৱে।
 তৰয় সংসাৰ সিন্ধু সাধু পদ নাৱে॥
 মহিমা পটল আবে এহি মানে গৈল।
 পৰমাৰ্থ পটলক কহিবাক গৈল॥
 মাধৱৰ নাম যিটো লৱয় সদাই।
 হৃদয়ত মাধৱক সমৰে সৰ্ব্বদাই॥