সত্যে ধ্যান কৰি লোক স্বৰ্গে চলি যাই।
দ্বাপৰত পূজা কৰি সেহি ফল পাই॥
ত্ৰেতাত যজিয়া যজ্ঞ তৈতে হোৱে ঠান।
কলিত কীৰ্ত্তন বিনে গতি নাহি আন॥
পৰম গতিক পাৱে কলিত কীৰ্ত্তনে।
এতেকে প্ৰশংসা তাক কৰে সাধুজনে॥
গুৰু মুখে নিজ ধৰ্ম্ম বুজিয়া যেহেতু।
তাল অংশে নিজ ধৰ্ম্ম জানিবা সিহেতু॥
কলিৰ পৰম ধৰ্ম্ম কীৰ্ত্তনে সে জানা।
সাধুৰ সঙ্গেসে শ্ৰেষ্ঠ তথাপিতো মানা॥
কলিৰ স্বধৰ্ম্ম আৰু জানা হৰি নাম।
সৎসঙ্গ লভিয়া লৈলে সাধে মুখ্য কাম॥
কৃপা⸻কৃপাময় কৃপাৰ সাগৰ যদুত্তম।
পাপ পুণ্যৱন্ত প্ৰভো সমস্ততে সম॥
আদ্যে কৃপা কৰি দেখা দিল নৰকাই।
সাধু সঙ্গ লৈয় সুখে ফুৰে নাম গাই॥
ধন্য ধন্য মহাধন্য কিনে কলিকাল।
নৰ দেহা ভাৰত বৰিষ ধন্য ভাল॥
কৃষ্ণৰ কৃপাত দেখা পাইলে হেন জন্ম।
নকৰয় তথাপিতো হৰি ভক্তি ধৰ্ম্ম॥
বিৰকতি—বৈৰাগ্যে সে ভাগ্য তাৰ কহো শুনিয়োক।
গুৰু মুখে ভক্তি লভি দুৰ্গতি খণ্ডোক॥