পৃষ্ঠা:ৰাম-মালিকা.djvu/১৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০
ৰাম-মালিকা৷

 প্ৰশংসিয়া তাহাঙ্ক পৰম পদ পাই।
 গুৰু বিনে সংসাৰ মধ্যত গতি নাই॥
 এতেকে তাহান যশ কীৰ্ত্তন কৰিয়া।
 তুষ্ট হুৱা কৃষ্ণ তেবে বৈকুণ্ঠক নিয়া॥
নাম— অচ্যুতৰ নাম মাত্ৰ স্মৰয় সৰ্ব্বথা৷
 তাহাৰ ভাগ্যৰ আমি কি কহিবো কথা।
 তান নাম গাই বিষ্ণু পদক লভয়।
 নাম পটলৰ এই জানিবা অন্বয়॥
হৰবাৰ—হৰবাৰ নামৰ যে শুনিয়ো মহিমা।
 ব্ৰহ্মা আদি দেৱে যাৰ নপাৱন্ত সীমা॥
 ভকতৰ মহা পাপ যিহেতু সংহৰে।
 হৰবাৰ নাম আসি ভৈলা তাতে হৰে॥
অনুধিত্যো—শুনিয়োক আবে অনুধিত্যোৰ লক্ষণ।
 জগতকে অনুকুল কৰা নাৰায়ণ॥
 অনুকুল হুয়া জগতে নিস্তাৰয়।
 এতেকেসে সাধু সবে ক্ষণাৰ্দ্ধো নেৰয়॥
 গুৰুৰ চৰণ অনুক্ষনেকো নেৰিবা।
 অনুধিতা বোলে আক এতেকে জানিবা॥
 ভৈল অনুধিত্য গুৰু কহিলো সাৰ।
 মহাহিতকাৰী গুৰু বিনে নাহি আৰ॥
নিবেদন—ঈশ্বৰৰ পাৱে যিটো কৰে নিবেদন।
 ভজে শুদ্ধ হুয়া তেবে কৃষ্ণৰ চৰণ॥