পৃষ্ঠা:ৰাম-মালিকা.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা।

শুনি আনন্দিত ভৈলা মাধৱৰ মন।
চৰণত পৰি তুতি কৰিলা তেখন॥
যতেক পটল আছে অৰ্থ কহিয়োক।
আনজনে নিন্দা যেন নকৰয় মোক॥
কহিবা পটল অৰ্থ সাৰক উদ্ধাৰি।
পৰম গহন অৰ্থ শুনা কৰ্ণ ভৰি॥
দেহত ইন্দ্ৰিয়গণ যতেক আছয়।
শৰণ খন্দায়া যেবে সবাকো ছেদয়॥
দেৱৰ দুৰ্ল্লভ যিটো দুখানি চৰণ।
তাহাঙ্ক চিনিলে জানা বোলয় শৰণ॥
ভজনৰ কথা শুনা সমাজিক জন।
একচিত কৰিয়া আনত নিদি মন॥
যাক ধৰি মনে পাৱে সংসাৰৰ পাৰ।
মহা সুখে তৰে যত ভক্ত নিৰন্তৰ॥
ভজনেসে অভয় ব্ৰহ্মক দৰশাৱে।
ব্ৰহ্মক সমাধি ধৰি ভজে শুদ্ধ ভাৱে॥
উৰ্দ্ধপদ বৈকুণ্ঠক যিহেতু থকাৱে।
মহন্ত উদ্ধৱে উপাসন্ত যাৰ পাৱে॥
সেহি চৰণক দিগপালে উপাসয়।
গুৰু ইষ্ট বন্ধু বুলি এতেকে কহয়॥
সেহি উপদেশ পদে উপদশ ভৈল৷
সি কাৰণে উপদেশ পটল কহিল॥