পৃষ্ঠা:ৰাম-মালিকা.djvu/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
ৰাম-মালিকা।

বাহ্ৰয় কন্ধৰ শঙ্কা শুনা সৰ্ব্বজনে।
কৃষ্ণৰ কিঙ্কৰে পদ বন্ধে কথা ভনে॥
মহা যত্ন কৰি আবে যিজনে শুনয়।
অপ্ৰয়াসে মহা দুঃখ সংসাৰ তৰয়॥
পদৰ অৰ্থক সাৱধানে শুনিয়োক।
শাস্ত্ৰ বিচাৰিয়া পাছে নিন্দিবাহা মোক॥
যিটো কৃষ্ণ পদ চিন্তে মুখ্য পদ পাই।
দুৰ্ল্লভ মুকূতি আৰু হাততে মিলাই॥
পৰম গতিক আবে পাৱে আক চিন্তি।
কৃষ্ণৰ দুই পাদ পদ কহিলো সম্প্ৰতি॥
দুলৰীৰ অৰ্থ আবে শুনা সৰ্ব্বলোক।
মহা গুহ্যত্তম কথা কহো শুনিয়োক॥
দুৰ্ল্লভ আনন্দ মিলে ইহাক স্মৰণে।
তাতে সে দুলৰী বোলে শুনা একমনে॥
চক্ষুৰ পটল ছয় গুছে যাক চাইলে।
সংসাৰৰ দুখ দূৰ কৰে আক কৈলে॥
ঝুমুৰীৰ কথা আবে শুনিয়ে লোকাই।
তৰয় সংসাৰ সিন্ধু দুৰ্গতি এৰাই॥
এক মনে শুনিলে কৃষ্ণলীন৷
তাতে সাধু সবে আক ঝুমুৰী বীণ৷৷
পাপৰ বাসনা এড়ে দেহ-হোৱে শূনা।
এহিসে কাৰণে জানা বুলি কয় ঝুনা॥