পৃষ্ঠা:ৰাম-মালিকা.djvu/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাননী

মহা সুগন্ধি কুসুমকান্তি তেল।

 এই তেলৰ সমান সৰ্ব্বগুণী মহৌষধ স্বৰূপ সুগন্ধত মন সন্তোষ হোৱা তেল আৰু নায়। ইয়াক ঘঁহিলে মুৰ কামৰনী মুৰ- ফুৰনী, মূৰ্চ্চা ৰোগ বায়ুপীত্ত, চকু চলিহা, চকুৱে জল মলকৰ স্মৰণ শক্তি কম হোৱা, বায়ুৰ দোষত টোপনি নহা, সূৰ্য্যক পালি মুৰ গৰম থকা, খুদ খহু, উফি, ঘা, মুৰৰ সকলো বেমাৰ গুছিৰ। ডেকা গাভৰু কালত চুলি নপকে। চুলি বাঢ়ে, ৰঙ্গা চুলিকলা পৰে , সৰ চুলিগছে, গাল ফটা, উঠ ফটা, মুখৰ সকলো ৰোগ গুছি শ্ৰী লাবণ্য কৰে। গোন্ধ অতি উত্তম এদিন ঘঁহিলে দুদিনলকে গোন্ধ থাকে। এ চিচাৰ দাম ॥৵৹ অনা ডাক খৰচ ৷৴৹ অনা।

বায়ু নাশিনী তেল।

 মিছাতে বজাৰৰ তেল কিনি পয়ছা খৰচ নকৰি আমাৰ বায়ু নাশিনী তেল ঘহঁক। এই তেল ব্যৱহাৰ কৰিলে মুৰ্চ্চা বায়ু, ফুৰনী বায়ু, পোৰা বায়ু, চণ্ড বায়ুকে আদি কৰি সকলো বায়ু, গুছিব। ইহাৰ বাজেও চুলি বাঢ়ে, ৰঙা চুলি কলাপৰে, গাৰ সকলো চৰ্ম্ম ৰোগ গুছে গোন্ধ অতি উত্তম। যেনে-বায়ু হক ইয়াক ঘাঁহিলে উপকাৰ পাব। দাম চিচাত ১৲ এটকা ডাক খৰচ ৷৴৹ অনা।

 ঠিকনা—শ্ৰীতীৰ্থনাথ গোস্বামী, ধলৰসত্ৰ, যোৰহাট, পোঃ গটঙ্গা।