পৃষ্ঠা:ৰাম-মালিকা.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

জাননী

 বদন ৰঞ্জন। ইয়াক ঘহিলে চেনিপৰা, চোমে ধৰা, শাল ময়না আদি মুখৰ সকলো ৰোগ গুছি মুখৰ লাবণ্য বৃদ্ধি কৰে চিচাৰ ॥৵৹ দাম অনা।

 খহুৰ দৰব। যেনে ৰকমৰ ডাঙ্গৰ সৰু বিধৰ পকা খহু হক ইয়াক দুই তিন বাৰ লগোৱা মাত্ৰ কেনিবা যাব দাম চিচাত আঠ অনা।

 অদ্ভুত মাদলী। এই মাদলী গাত থাকিলে ভূত পিশাচ আদি ৰাতি বিয়লি ফুৰাত ভয় নেথাকে। অনেক বেমাৰৰ নিমিত্তে উপকাৰ আৰু মাইকী মানুহে কষ্ট খাই থকা—পাছশুল গহ আদি হাইজা, গৰু মহৰ চবকা পৰ্য্যন্ত ভাল হয় দাম গোটে ১৷৹ ডাক খৰচ ৶৹ অনা।


খেতৰ মৰ কুছিয়াৰ তাবিজ।

 যাৰ তিন চাৰি বছৰ বয়সত লৰা ছোৱালী মৰে, বা গৰ্ভতে যাৰ ওপজ, গৰ্ভাবস্থাত অনেক স্বপ্ন দেখা, গাত আচুৰি পিচোৰি যোৱা , স্বপ্নত মাইকীয়ে মোটা দেখা আৰু মটাই মাইকী ইত্যাদি স্ত্ৰী পুৰুষৰ যাৰ গাত খেতৰ মৰকুছিয়াৰ দোষ আছে সেই সকলে এই তাবিজ লক নিশ্চয় উপকাৰ পাব। দাম ১ ৹ পাঁচ মহ ডাক খৰচ ৶৹ অনা৷

 খৰৰ দৰব৷ যেনে হাতী খৰ, দবা খৰ, শুকান খৰ হক আমাৰ এই দৰব লগালে একে দিনাই গুছিব দাম ১নং টেমাত ৵৬ দহ পইছা ২নং টেমাত ৷৴৹ পাঁচ অনা।

 ঠিকনা :—তীৰ্থনাথ গোস্বামী—ধলৰসত্ৰ, যোৰহাট, গটঙ্গা।