শৰীৰৰ ধেনু যত আছে পুৰুষৰ।
গুৰুশিক্ষা অস্ত্ৰে কাটিবেক নিৰন্তৰ॥
ধাৰণাদি যোগে তাতে নকৰিবা ৰতি।
গুৰু-পাদ পদ্মত মাত্ৰ কৰিবাহা মতি॥
এই পাঞ্চ প্ৰকাৰে ধেনুক মাৰে যাই।
দেৱৰ চৰণ ভজিবেক সৰ্ব্বদাই॥
ইন্দ্ৰিয় দমনে ধেনুকৰ বধ বুলি।
ধৰ্ম্ম লভি তালফল ভুঞ্জিবে সমূলি॥
যেন মতে কৃষ্ণে হ্ৰদ নিৰ্ম্মল কৰিলা।
মহাবিষধৰ কালি তাকো গতি দিলা॥
ক্ৰোধ সব শৰীৰত আছে যত যত।
গুৰু ভক্তি ক্ৰোধ কালি কৰিবেক হত॥
কৃষ্ণ গুৰুৰূপে ক্ৰোধ কালিক বধিল।
দেহৰ বিকাৰ সব নিকালি খেদিল॥
দেহহ্ৰদ মধ্যে মহাকালি লৈলা বাস।
গুৰু ধৰ্ম্ম লাগ পাই কৰিলে বিনাশ॥
নাগ-পত্নী প্ৰায় যত ভকত সকল।
কদম্বকে কল্পতৰু শুনা মহাবল॥
কালিৰ শিৰত যিবা ৰৈল চিহ্ন পঞ্চ।
চাৰি শৰণৰ শক্তি তাৰ মাথে সাঞ্চ॥
দেৱক ভজনে ভৈল, আৰু সাঞ্চ যাই।
গুৰু ভজনেসে ঐকান্তিক সুখ পাই॥
যি সব ৰুধিৰ কালি মুখে ভৈলা বাজ।
সেই বিষণৰ দেখা বিষৰ সমাজ॥
ক্ৰুৰবুদ্ধি এৰি যিটো হৈবে চিত্ত শুদ্ধি।
দেৱক ভজিলে দূৰ কৰিবে বিবুদ্ধি॥
পৃষ্ঠা:ৰাম-মালিকা.djvu/১০০
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
ৰাম-মালিকা।