পৃষ্ঠা:ৰাম-মালিকা.djvu/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰাম-মালিকা।


সৃষ্টি স্থিতি জগতৰ তুমি আদি দেৱ।
এতেকে তোমাত বিনে আন নাহি কেৱ॥
নমো নমো কৃষ্ণ মোৰ অগতিৰ গতি।
মোক উপদেশ দেৱ দিয়োক সম্প্ৰতি॥
মহা ভকতৰ যিটো হৃদয় ৰঞ্জন।
মই পতিতক প্ৰভো হুয়োক প্ৰসন্ন॥
তোমাৰ মায়ায়ে মই পৰম অজ্ঞানী।
ভ্ৰমোহো সংসাৰ পথে তোমাক নজানি॥
পৰম পতিতো তৰে তযু নাম গাই।
হেন জানি আমি ভজিলোহো তুৱা পায়॥
শ্ৰৱণ কীৰ্ত্তন কৰিয়োক সৰ্ব্বক্ষণ।
অমৃত সমান ইটো কথা যে গহন॥
হৃদয়ত চিন্তে যিটো গুৰুৰ মুৰুতি।
যাচি কৃষ্ণ কথা তাত কহিবে যুগুতি॥
কৃষ্ণৰ কিঙ্কৰে কৰি শঙ্কৰে প্ৰণতি।
তাৎপৰ্য্য কথা কহো শুনিয়ো সম্প্ৰতি॥
প্ৰথমতে পদ ছবি দুলড়ীৰ কথা।
পৰম হৰিষ মনে শুনিয়ো সৰ্ব্বথা॥
বৈকুণ্ঠৰ পদ পাইবা সবে আক শুনি।
আতপৰে ধৰ্ম্ম নাই হোৱা মনে গুনি॥
একচিত মনে আক শুনে যিবাজনে।
বাঢ়িব ভকতি তাৰ কৃষ্ণৰ চৰণে॥