পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/৩০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰামনবমী নাটক ৫৯ জয়তী। এনেৰ এনেই কথা। ভুকুতে কলটো পকাব পাৰিনে? তোমাৰ যে কাৰ্য) সিদ্ধি হবৰ লক্ষণ হইছে। নবমী। সখী! মোৰে শপত, বধলাগে। মোৰে শপত, সোনকালে? কোয়া কি হল? কি বলিলে, জয়ন্তী। তুমি মন দি শনা কি কি হল। তেওঁ পৰগানালৈ গল। ততাতৈয়াকৈ যোয়াত বস্তু বেহানি কিনি বিকি [৩৯] দিব নোঁয়াৰিলে, তোমাৰ তেওঁৰ আগত (নবমীৰ দীৰ্ঘ নিশ্বাস ) কই গইছিল। তাতে তোমাৰ তেওঁ (প,নৰ্ধাৰ দীৰ্ঘ নিশ্বাস ) বস্তু বেহানি কিনি দিবলৈ আহিছিল সেই ছলতে ম‍ই কলোঁ। হেনে সখীয়ে তোমাক চাব খুজিছে তাতে তেওঁ মান্তি হইছে আৰু তোমালৈ মৰমেৰে হাতৰ আঙ্গঠীটী দি পঠাইছে। ( এই বলি আঙ্গঠীটী দিলে )। নামী। ( আগঠীটী চম্বন কৰি ) সখি! তোমাৰ প্ৰতি ময় যে কিমান সন্তুষ্ট হইচো কব নোয়াৰোঁ। যিমান দিন জীয়াই থাকিম সিমান দিন বাধিত হম। তুমি পিতৃ মাতৃৰ কাৰ্য্য কৰিলা। সখি কতনো? কেনেকেই? জয়ন্তী। আজি আমাৰ ঘৰলৈ তোমাক শবলৈ মাতিম। আমইয়ে এৰি দিব। তাতে সখি? ময় এতিয়া আমইত তোমাৰ যাবৰ কথা কও গই। নবমী। সখি! যেতিয়ালৈকে তুমি মোক নিবলৈ নাহ৷ তেতিয়ালৈকে ময় বাট চাই থাকিম। জয়ন্তীৰ প্ৰস্থান। ]' নবমী। (মনে মনে) হে জগদীশ্বৰ মোৰ প্ৰতি প্ৰসন্ন হোয়া। আজি যেন কাৰ্যটিী সিদ্ধি হয়। হে কামদেব! নাথ সম্ভাষাণৰ নিয়ম শিকাই দিয়া। তৃতীয় দৰ্শন ৰাজআলী মঙ্গলৰ প্ৰবেশ। [ ইতি প্ৰস্থান। ( ৪0 ) 1 মঙ্গল,। হেই আই! কুসলনো কাৰ নাম। তাকে ভাবি চিন্তি উলিয়াব নোয়াৰিলোঁ। কোননো হল? মোলৈ মন থকা জনা যায়। চোয়ালী জনি বৰ দুষ্ট। তেও তাইৰ বাৰু ঈশ্বৰে যি কৰে। ময় যতন নকৰোঁ।