ৰামনবমী নাটক ৰঙ্গ। এতিয়া এনেহে দিন পৰিছে যে কাম নেথাকিলে হেজাৰ বৰ মানুহৰ কি সজৰ ঘৰৰ লৰা হওক, হাজাৰ ধন থাওক, তেও এখন দোলাত উঠিলে কি বৰজাপী এটা ধৰাই গলে কোনো কোনে চকুপোৰা মান,হে বোলে “এই ডাল বা কোনে? কাম নাই কায নাই শদা ভেম মাৰি ফৰে” এই বিলাক মান,হৰ নো গিয়ান কাহিনি হব দেও? হৰ। এঃ কিবা কোয়া! সেই বিলাকৰ বিবেচনা নাই। সেই দেখিহে তেনেকেই কয়। কাম হলেই যে পৰৰ তত আপোনাৰ স্বাধীনতা ৰূপ ৰত্নে সইতে শৰীৰ্টী বিক্ৰিয় কৰিব লাগে তাক নেজানে। পিতৃ মাতৃ হই লৰাক যদি সেইদৰে শৰীৰটোকে বিক্ৰয় কৰিবলৈ দিলোঁ তেন্তে ই সজ পিতৃ মাতৃ আৰু উপকাৰীৰ কৰ্ম্ম নহল। নোয়াৰা নোয়াৰাতহে চাকৰীলৈ মন দিব লাগে। ইয়াক মানহে বিবেচনা নকৰে। এজনক আমাৰ ইয়াৰ এজনে “তোমাৰ অমকৰ দৰে ভাল চাকৰী হওক” সেই জনে তাত তেনে প্ৰশ্ন কৰাত তাতে বুলি আশীৰ্ব্বাদ কৰিছিল। আশিবদিক জনৰ খঙ্গত ঠাই নাই। দৰ্ব্বোসাৰ দৰে হোয়া হলে সৰ্ব নাশ হলহেতেন। এৰি পেলোয়া দেও সেই বিলাক নেগৰীয়া কথা। হেৰ নিগদতি বাপাক মাতচোন। [৩৮] নিগদতিৰ প্ৰবেশ। নিগ। দৌতা বাপা বৰ বপাৰ ঘৰলৈ গইছে, ভিতৰৰ হন, কিবা কিবি কেয়া পটীৰ পেৰা আনি দিব লাগে। হৰ। বৰপা জানো ঘৰত নাই? নিগ। আজি প্ৰত্যুষে ৰাজকাৰ্য্যত পৰগণালৈ গল। একো কিনি বিকি ঘৰত দিবও নোৱাৰিলে। সেই দেখিহে আমাৰ বপাক কই গইছে। তেওঁ অলপতে মাথোন গইছে। হৰ। ককাই, ম,ণ্ডিয়াৰৰ ঘৰলৈ যাও বলা। তাতে দলে মান চৌপট খেদি আহোঁগৈ। দিনটো নেযায় নাপায়াই দেও! [ ইতি নিজ্ঞান্তাঃ ] দ্বিতীয় দশ ন শিকান্ত বাটী নবমী আব্দ জয়ন্তীৰ প্ৰবেশ। নবমী। সখি! তুমি যাবৰে পেৰা ময় যেনেকেই সময় খেদাইছো তাক কৰাৰ ঠাই নাই। নিমিষকে বচৰ যেন দেখিছিলোঁ।
পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৯
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page29-1024px-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)