৫৬ ৰামনধৰ্মী নাটক নবমী। ৰহস্যে ৰাখিবা আৰু মোৰ উপকাৰলৈ যতন কৰিবা। শপত খোৱা? জয়ন্তী। বাৰু! খালোঁ। বটা সহিত সোণালীৰ প্ৰবেশ। নবমী। ন হয় ভালকৈ খোয়া। সোণাফালী তাতে বটাটো থই তয় যা। ( সোণাফ, লীৰ প্ৰস্থান। ) (৩৪) জয়ন্তী। বাৰু সখি! . তোমাৰ শপত! তেওঁৰ শপত, আইৰ শপত, বাইৰ শপত, এতিয়া কোয়া? নবমী। সখি! কালি ভৰিত কাঁইট পাইছিলানে? জয়ন্তী। নাই! কিবা শক কাঁইট ফটিছিল হবলা। আপনি ওলাই পৰিল। নবমী॥ মোৰে শপত সখি সঁচাকৈ কৰা। কিয় ফটিছিল জনা নাইনে? জয়ন্তী। তোমাৰ শপত জনা নাই। নবমী। ময় থিয় হই থকা ঠাইৰ পশ্চিমে ফলনী বাৰীৰ বাঁও ফালে চাঁপা ফলৰ পোনে চোয়া নাইনে? জয়ন্তী। তেনেকেই নাই। কিয়নো? নৰ্মী। তাত এজন আছিল! সেইজনক দেখিবৰ পেৰা সখি! অস্থিৰ হইছোঁ। দিনে ৰাতিয়ে তেওঁকে ভাবি আছোঁ। কালি বাটত কি কথা হলোঁ নহলোঁ একো মনত নাই আৰু সখি চোয়া চেন সপোনতো তেওঁ কহে দেখো। তেওঁকেহে যদি নেপাও ডিঙ্গীত কটাৰি দি মৰিম। জয়ন্তী। (মনে মনে) উৰ্ধ্বশী লগে যি কথা কইছিল সঁচা হল। ( স্পষ্টকৈ ) তুমি তেওঁক চিনানে? নবমী। সখি। নিচিনো। জয়ন্তী। (মনে মনে) উৰ্ব্বশীৰ সকলো কথা সঁচা। ( স্পষ্টকৈ ) সেই ফলেনিলৈ যি জন গইছিল সেইজন মোৰ এক সম্বন্ধে দেওৰ হয়৷ তেওঁৰ মোমায়েকৰ পুতেক। নবমী। হা বাম! ৰাম তেওঁৰ নাম ৰামচন্দ্ৰ, মাতোতে ৰাম ঝালি মাতে। ৰাম। সখি মোক এতিয়া জা কৰা। জয়ন্তী। বাক সখি! ময় যতন কৰিম। তুমি অস্থিৰ [৩৫] নহবা। ময় তেওঁক মাতি নি বাজাই পৰাই তোমাক দিয়াম।
পৃষ্ঠা:ৰাম-নবমী নাটক.pdf/২৭
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/ff/%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf/page27-1024px-%E0%A7%B0%E0%A6%BE%E0%A6%AE-%E0%A6%A8%E0%A6%AC%E0%A6%AE%E0%A7%80_%E0%A6%A8%E0%A6%BE%E0%A6%9F%E0%A6%95.pdf.jpg)