পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৯৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিহা নামৰ সম্ভাৰ

কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত।
আছন্ত ঈশ্বৰ কৃষ্ণ সমস্তে ভূতত॥
হেনজানি প্ৰাণাধিক কৰিবে সতকাৰ,
তেবেসে কৃষ্ণত ৰতি বাঢ়িব তোমাৰ।
কৃষ্ণ কথা শ্ৰৱণত শুদ্ধ হৈবে মন,
সৰ্ব্বদায়ে কৰিব কৃষ্ণৰ কীৰ্ত্তন॥
কৃষ্ণ কথা শ্ৰৱণত নাহিকে প্ৰয়াস,
আপুনি লৈৱন্ত হৰি হৃদয়ত বাস।
আপুনি ঈশ্বৰ সাক্ষী কৃষ্ণ কৃপাময়,
তাঙ্ক এৰি সামান্যক সেৱে দুৰাশয়॥
ধন জন প্ৰাণ পুত্ৰ সবে পৰিবাৰ,
সমস্তে অবস্তু অনুমাত্ৰ নুহি সাৰ॥
হেন অনুমানি মাধৱতে কৰা ৰতি,
কৃষ্ণ গুণ নামে ইহ পৰলোক গতি॥

ভাঙনি ঘোষা:-
সবে কৰ্ম্ম-জ্ঞান অৰ্পে যিটো ঈশ্বৰত।
সেহিসে বৈৰাগ্য আৰু উত্তম ভকত॥

পদ:-
নিত্য নৈমিত্তিক কৰ্ম্ম কৰয় শ্ৰদ্ধায়,
মই কৰ্ম্ম কৰো বুলি অভিমান নাই।
নিস্কামে কৰিয়ো কৰ্ম্ম কৰি ফলত্যাগ,
সেহি সত্ব গুণ কৰ্ম্ম জানা মহাভাগ।
বেদে যাক বিহি আছে তাক বুলি কৰ্ম্ম,
বেদে যাক নিষেধিছে সেহিটো অকৰ্ম্ম।
বেদৰ ৰহিত যত সেহিসে বিকৰ্ম্ম,
জানি ঈশ্বৰৰ অৰ্থে কৰিয়োক কৰ্ম্ম।
প্ৰায়চিত্ততপজপ তীৰ্থ যজ্ঞ দান,
এতেকে প্ৰকাৰে অকৰ্ম্মীত নাহি ত্ৰাণ।

(৮৫)