পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

প্ৰতিযোগীতাৰ নিয়মাবলী

 ঈশ্বৰৰ নাম একান্ত আধ্যাত্মিক যদিও সময়ৰ লগে লগে মঞ্চলৈ প্ৰতিযোগীতাৰ ৰূপত অহাটো সময়ৰ আহ্বান। গা-গছত কপৌফুল গ্ৰহণীয় যদিও ৰঘুমালা বৰ্জনীয়। গতিকে দিহানামৰ ঐতিহ্য আৰু সৌন্দয্য ৰক্ষা কৰি প্ৰতিযোগীতা সমূহত পৰিবেশন কৰিব পৰাকৈ নিম্নলিখিত নিয়মাৱলীসমূহ পুস্তক ভাগিত সন্নিবিষ্ট কৰি সুধিসমাজলৈ পৰ্যালোচনাৰ বাবে আগবঢ়ালো।

(১) জাতীয় সাজপোছাক পুৰুষৰ বাবে ধূতি পঞ্জাৱী আৰু মহিলাৰ বাবে চাদৰ মেখেলা মাৰ্জিতৰূপত পৰিধান কৰাটো বাধ্যতামূলক। সম্ভৱহ'লে শুভ্ৰ অৰ্থাৎ বগা ৰঙেৰে সাত্বিকতা ধৰি ৰখাটো বাঞ্চনীয়।

(২) গলত বস্ত্ৰ (গামোছা) ধাৰণ কৰি দাস্যভাৱ ৰক্ষা কৰিব লাগে। দেহৰ সুষম আৱৰণৰ বাবে তিৰোতাৰ বাবে ৰিহাখন অপৰিহাৰ্য।

(৩) মঞ্চলৈ প্ৰবেশ কৰোতে সকলোৱে কৰযোৰে শৃঙ্খলাবদ্ধভাৱে সোমাব লাগে। সকলো মঞ্চত প্ৰবেশ কৰি নিজৰ স্থানত থিয়হৈ একেলগে “কৃষ্ণ” বুলি কৈ আসন গ্ৰহণ কৰিব লাগে।

(৪) নামতিয়ে সমাজলৈ ওলগ জনাই অ'হৰি অ'ৰাম ধ্বনি দি “কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম বুলি গুৰু স্মৰণ কৰিব লাগে।

(৫) পৰিচালনা সমিতিয়ে নিৰ্দ্ধাৰণ কৰা প্ৰতিযোগীৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি বাদ্যযন্ত্ৰৰ সংখ্যাগত দিশটো আৰু পৰিবেশনৰ মাত্ৰা নিৰ্দ্ধাৰণ হোৱা উচিত।

(৬) দিহানামত নাগাৰা আৰু সৰু তালযোৰ মূল বাদ্যযন্ত্ৰ যদিও সময়ৰ পৰিবৰ্তনে বিচৰা অন্যান্য বাদ্যযন্ত্ৰ সমূহকো (খোল, বৰতাল, ৰামতাল, কৰতাল আদি) বৰ্তমানৰ ধাৰাটোত গ্ৰহণ কৰা হৈছে।

(৭) সময় যদি ১৫ (পোন্ধৰ) মিনিট বা ততোধিক দিয়া থাকে তেন্তে বিলম্ব, মধ্য আৰু দ্ৰুত তিনিওটা লয়তে সমান সমান সময় ভাগ কৰি লব লাগে। নামতিয়ে নামৰ দ্বিতীয়বাৰ ঘোযাৰ পাছতহে পদৰ লগত বাদ্যযন্ত্ৰ আৰম্ভ কৰা উচিত।