পৃষ্ঠা:ৰামনিৰঞ্জনভকতিপ্ৰৱাহ.pdf/৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সাধাৰণ নিয়মাবলী

(১) সৰ্ব্বপ্ৰথমে সমাজলৈ সেৱা জনাই অ’হৰি, অ’ৰাম হৰিধ্বনি দি কৃষ্ণ শঙ্কৰ গুৰুহৰি ৰাম’ বুলি গুৰু স্মৰণ কৰিব লাগে।

(২) মহাপুৰুষ মাধৱদেৱৰ পৰবৰ্তী সময়ত প্ৰপন্ন শিষ্য সমূহে গুৰুধৰ্ম্ম প্ৰচাৰৰ নিমিত্তে সৃষ্টিকৰা দিহানামৰ ধাৰাটো এক ঈশ্বৰবাদ আৰু ভকতিযুক্ত হোৱাটো বাঞ্চনীয়। অন্য দেৱ-দেৱী কেন্দ্ৰীক হ'লে তেনে উপাসনাই দিহানামৰ মৰ্যদা পাব নোৱাৰে।

(৩) ভক্তিমাৰ্গত উপমা বা উদাহৰণক আবেগিকভাৱে গ্ৰহণ কৰা হয় বাবে ভাগৱত অথবা গুৰুচৰিতক সমলৰূপে গ্ৰহণ কৰিব লাগে।

(8) দিহানামৰ মূল বৈশিষ্ট্য হল “দিহা”। গতিকে নামষাৰত প্ৰত্যক্ষ বা পৰোক্ষ দিহা বা পৰামৰ্শ বা উপদেশ থাকিব লাগিব।

(৫) যথাসম্ভৱ কঠিন যুক্তাক্ষৰৰ বিপৰীতে গুৰুসকলে প্ৰণয়ন কৰা শাস্ত্ৰীয় কোমল শব্দৰ ব্যৱহাৰ বাঞ্চনীয়। ইসুৰ প্ৰয়োগতো সহায় কৰে।

(৬) ঘোষাভাগি পৰিবেশনৰ মাজে মাজে নুন্যতম দুবাৰ দিহা যোজনা প্ৰয়োগ কৰিলে নামষাৰৰ সৌষ্ঠব বৃদ্ধি পোৱাৰ লগতে মূল লক্ষও সাধিত হয়।

(৭) নাগাৰা, কৰতাল, ৰামতাল আৰু বৰতালৰ উপৰি বৰ্তমান খোল আৰু টোকাৰী আদি বাদ্যৰ প্ৰয়োভৰ ঘটিলেও বাদ্যযন্ত্ৰ সমূহ যথাবিহিত শৃঙ্খলাৰ মাজেৰেহে পৰিবেশন যোগ্য।

(৮) কেবল নামতি গৰাকীয়েহে থিয় হৈ লয়লাসে পৰিবেশন কৰিব পাৰে।

(৯)শঙ্কৰোত্তৰ যুগত সৃষ্ট দিহানামৰ লোকসঙ্গীতৰ ধাৰাটোত শাস্ত্ৰীয় পদসমূহৰ সংযোজন গ্ৰহণযোগ্য নহলেও কেইবা শতিকাজুৰি দিহানামৰ পদসমূহত শাস্ত্ৰীয় পদ ব্যৱহাৰৰ পৰম্পৰাটো তাৎক্ষণিকভাৱে নসাৎ কৰিব পৰা নাযায়। অৱশ্যেই গৱেষণাৰ প্ৰয়োজন।

(১০) দিহানামৰ সামৰণিত বস্তুপ্ৰকাশৰ শেষৰভাগ ঘোষা “শ্ৰীমন্ত শঙ্কৰ হৰিভকতৰ..... আমাৰ পৰম গুৰু” গাই সামৰিব লাগে।